ASSAM TIMES POST
নতুন দিল্লী : কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ বৃহস্পতিবাৰে অনুষ্ঠিত আন এখন বৈঠকত স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণ ছিং বে’য়ে অংশগ্ৰহণ কৰে৷ নতুন দিল্লীৰ সংসদ ভৱনত দিনৰ ১১ বজাৰপৰা ১২.৩০ বজালৈ এই বৈঠকখন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই বৈঠকত কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বিভাগ আৰু কৃষি কল্যাণ মন্ত্রণালয়ৰ প্ৰতিনিধিয়ে সৱিশেষ আলোচনা কৰে। যোৱা ২৩ অক্টোবৰতো এনে এখন বৈঠক নতুন দিল্লীতে অনুষ্ঠিত হৈছিল। এই বৈঠকত মন্ত্ৰণালয় আৰু বিভাগৰ বিষয়াসকলকে প্ৰমুখ্য কৰি সাংসদ প্ৰতিনিধিসকল উপস্থিত থাকে।












