ASSAM TIMES POST
গুৱাহাটীঃ নগা শান্তি চুক্তি, আলফা আৰু এনডিএফবিৰে কেন্দ্ৰীয় চৰকাৰৰ চুক্তি সম্পাদনৰ প্ৰাকক্ষণত নতুন দিল্লীত বাহৰ পাতি থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হয়। জানিবপৰা মতে, নতুন দিল্লীস্থিত অমিত শ্বাহৰ বাসভৱনত এই বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত নুমলীগড় শোধনাগাৰ লিমিটেডৰ ব্যক্তিগতকৰণৰ প্ৰসংগয়ো স্থান লাভ কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীজনে শ্বাহৰ সৈতে কি কি আলোচনা কৰিলে, তাৰ আভাস দাঙি ধৰি সংবাদ মাধ্যমত কয় যে অসমবাসীৰ মনত যিবিলাক কথাই দোলা দি আছে, সেই কথাখিনিকে অমিত শ্বাহক অৱগত কৰা হৈছে। শ্বাহে অসমবাসীয়ে শংকা কৰিবলগীয়া একো নাই বুলি জনাইছে। তেওঁ শ্বাহক এনআৰএলক ব্যক্তিগত খণ্ডৰ উদ্যোগ হিচাপেই বাহাল ৰখাৰ আহ্বান জনাইছে বুলি ব্যক্ত কৰে।











