ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতক পাৰমাণৱিক শক্তিৰে অধিক সামৰ্থৱান কৰি তোলাৰ লক্ষ্যৰে শুকুৰবাৰে পৰীক্ষণ কৰা হ’ব ৩,৫০০ কিমি ৰেঞ্জৰ চাবমেৰিণৰপৰা উৎক্ষেপণ কৰা কে-৪ চৌৰ্য বলাষ্টিক মিছাইলৰ। এই পৰীক্ষণ সফল হ’লে ভাৰতীয় নৌ সেনাই আন এটি অধিক শক্তি সম্পন্ন পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব। জানিবপৰামতে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ পানীৰ তলত থকা প্লেটফৰ্মৰপৰাই উক্ত মিছাইলটোৰ পৰীক্ষণ কৰা হ’ব। এই মিছাইল প্ৰণালীটো প্ৰস্তুত কৰি উলিয়াইছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’য়ে। আৰিহান্ট শ্ৰেণীৰ চাবমেৰিণৰপৰা এই মিছাইলটো প্ৰক্ষেপ কৰা যাব পৰৱৰ্তী সময়ত।












