ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ অসম চৰকাৰে সাঁচি ব্যৱসায়ক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰি গোলাঘাট জিলাত সাঁচি ব্যৱসায়ৰ বৃহৎ বাণিজ্যিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ সিদ্বান্ত গ্ৰহণ কৰাৰ পিছতে বুধবাৰে গোলাঘাটত অনুষ্ঠিত হয় বৃহৎ সাঁচি কৃষক সমাৰোহৰ৷ গোলাঘাট জিলা সাঁচি (অগৰু) ব্যৱসায়ী সংস্থা আৰু সদৌ সাঁচি (অগৰু) খেতিয়ক সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কৃষক সমাৰোহত অসমৰ প্ৰতিখন জিলাৰ সাঁচি ব্যৱসায়ী আৰু খেতিয়ক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সমাৰোহখনত মুখ্য অতিথিৰ আসন অলংকৃত কৰি অসম চৰকাৰৰ জলসিঞ্চন আৰু ৰাজহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই তেওঁৰ ভাষণত কয়, অসমত কৃষিত সম্ভাৱনা ক্ৰমাৎ উজ্জ্বল হ’বলৈ ধৰিছে৷

অসমৰ সাঁচি খেতিয়কসকলৰ বাবে এই দিনটো এক উল্লেখণীয় দিন বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে সাঁচি খেতিয়ে অসমত অন্য এক কৃষি বিপ্লব সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। সাঁচি খেতিক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ দি মন্ত্ৰীগৰাকীয়ে উপস্থিত কৃষকসকলক নিজে আমি বিক্ৰেতা হ’ব লাগিব বুলি উল্লেখ কৰে। নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি সমাৰোহত বক্তব্য প্ৰদান কৰে অসম ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ ৰাষ্ট্ৰীয় স্বয়ংসেৱকসংঘৰ তীৰ্থংকৰ দাস কলিতাই৷ তেওঁ কয় যে কৃষক ৰাইজক মৰ্যাদা প্ৰদান কৰি সংকোচবিহিনভাৱে কৃষিত নিয়োজিত হবলৈ আহ্বান জনায়৷ ব্ৰিটিছে নিজৰ মুনাফা আদায় কৰিবলৈ সৃষ্টি কৰা আইন সম্পৰ্কীয় বাধাসমূহ আঁতৰোৱাৰ সময় আহি পৰিছে বুলি আশা ব্যক্ত কৰি তেওঁ আগৰ খেতিয়ে সকলোকে মৰ্যাদা সহ জীৱন ধাৰনত সহায় কৰিব বুলি মন্তব্য কৰে৷ সমাৰোহত মৰান সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সোণাৰি সমষ্টিৰ বিধায়িকা নবনীতা সন্দিকৈ উপস্থিত থাকি বক্তব্য প্ৰদান কৰি কয় যে সাঁচি কৃষিৰ ওপৰত সজাগতা সৃষ্টি কৰাত গুৰুত্ব প্ৰদান কৰে। সমাৰোহ খনিত আদৰণি ভাষণ প্ৰদান কৰে অসম সাঁচি (অগৰু) ব্যৱসায়ী সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋষিৰাজ হাজৰিকাই। গোলাঘাট জিলা সাঁচি কৃষক সমাৰোহৰ আহ্বায়ক প্ৰণব চক্ৰৱৰ্তীয়ে আঁত ধৰা সমাৰোহখনত অসম সাঁচি ব্যৱসায়ী সংস্থাৰ প্ৰতিষ্ঠাপক আহ্বায়ক বিকাশ বৰা উপস্থিত থাকি সাঁচি কৃষিৰ সম্পৰ্কত বাখ্যা আগবঢ়ায়। সমাৰোহত সন্মানীয় বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অখিল ভাৰতীয় গো ৰক্ষা মহামন্ত্ৰী উমেশ পাৰোৱাল৷ সাঁচি কৃষক সংস্থাৰ উপদেষ্টা আনন্দ দাস, জিলা সংস্থাৰ সভাপতি সৌমিত্ৰ গোস্বামী, জিলা সাঁচি খেতিয়ক সংস্থাৰ সম্পাদক দিগন্ত হাজৰিকা আদি উপস্থিত থাকে৷ সভাত সংস্থাৰ প্ৰতীক চিহ্ন উন্মোচন কৰে মন্ত্ৰী ভৱেশ কলিতা আৰু লেখক তীৰ্থংকৰ দাস কলিতাই। শলাগৰৰ শৰাই আগবঢ়াই অভিজিত বৰাই। সমাৰোহখনত পাছ শতাধিক লোক উপস্থিত থাকে৷













