ASSAM TIMES POST
নগাঁও : তামিলনাডুত কাম কৰিবলৈ যোৱা অসমৰ ১১ জন যুৱকক তাৰ কোনো লোকে আবদ্ধ কৰি ৰখাৰ খৱৰে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । দুষ্ট চক্ৰৰ কবলত পৰি যুবককেইজন আবদ্ধ হৈ থকাৰ খৱৰ প্ৰচাৰিত হৈছিল । যুৱক কেইজনে অসমলৈ এই খৱৰ ম’বাইল ফোন যোগে পঠিওৱাৰ পিছত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে তৎপৰতাৰে তামিলনাডুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি যুৱক কেইজনক উদ্ধাৰৰ ব্যৱস্হা গ্ৰহণৰ আহবান জনায় । সেই মৰ্মে তামিলনাডুৰ আৰক্ষীয়ে অভিযান চলায় যুৱক কেইজনক আজি উদ্ধাৰ কৰে । যুৱক কেইজনক আজি আন স্হানলৈ স্হানান্তৰ কৰাৰ আশংকা আছিল । যুৱক কেইজনৰ ঘৰ নগাঁও জিলাত বুলি জানিব পৰা গৈছে । তাৰে পাঁচজন যুবক চামগুৰিৰ লাওখোৱাৰ বুলি এক খৱৰ প্ৰকাশ হৈছে।











