ASSAM TIMES POST
গুৱাহাটীঃ ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে বুধবাৰে মুকলি হ’ল পবিতৰা অভয়াৰণ্য। এই সন্দৰ্ভত পবিতৰাৰ আঞ্চলিক বন বিষয়া (বন্যপ্ৰাণী)ৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ পৰিবেশ, বন, মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
ইফালে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই ইয়াত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী শুক্লবৈদ্যই কয় যে চৰকাৰে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
এয়া ফলপ্ৰসূ কৰি তুলিবলৈ ৰাজ্যবাসীৰ সহায় কামনা কৰে তেওঁ। ইয়াত বিভাগীয় পিচিচিএফ (হফ) এম এম সিং, মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাসহ বন বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। সভাৰ পাছত দুয়োজন মন্ত্ৰীয়ে হাতী ছাফাৰীত ভাগ লোৱাৰ লগতে জীফ ছাফাৰীও কৰে।













