আনন্দ-উল্লাসৰ মাজেৰে দুৰ্গা পূজা উদযাপনৰ অন্তত বুধবাৰে বিজয়া দশমীৰ দিনাখন বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাক। কিন্তু উক্ত দেৱী বিসৰ্জনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় বিভিন্ন অবাঞ্চিত ঘটনা। যাৰ বাবে কেইবাজনো লোকৰ প্ৰাণহানি হয়।
আগ্ৰাত দুৰ্গা মূৰ্তি বিসৰ্জন কৰাৰ সময়ত যমুনা নদীত উটি যায় এজন নাবালক। সন্ধানহীন আৰু দুজন যুৱক। আগ্ৰা অঞ্চলৰ দশমীৰ সন্ধিয়া সংঘটিত হয় এই ঘটনা।আৰক্ষীৰ সূত্ৰ অনুসৰি নিৰুদ্দেশ হোৱা ১৫ বছৰীয়া নাবালক ছিকান্দ্ৰা থানা এলেকাৰ বাসিন্দা।
আন দুজন নিৰুদ্দেশ হোৱা যুৱকৰ ভিতৰত এজনৰ বয়স ১৯ আৰু আনজনৰ ২২ জন। দুয়োজনেই নিউ আগ্ৰা থানা এলেকাৰ বাসিন্দা। তেওঁলোকৰ সন্ধানত উদ্ধাৰৰ কাম আৰম্ভ হৈছে। বৃহস্পতিবাৰে এই প্ৰতিবেদন লিখালৈকে তেওঁলোকক এতিয়াও বিচাৰি পোৱা নাই।
পশ্চিমবংগতো মূৰ্তি অপবিত্ৰকৰণক কেন্দ্ৰ কৰি দুৰ্যোগ সংঘটিত হৈছে। দশমীৰ নিশা জলপাইগুৰিৰ মালবজাৰত সংঘটিত হয় এক বৃহৎ দূৰ্ঘটনা। মাল বজাৰৰ হৰপা নৈয়ে হঠাতে উটুৱাই নিলে বহুকেইজন লোকক। এই ঘটনাত ৭ জন লোকৰ মৃত্যু হয়।
এতিয়াও সন্ধানহীন হৈ আছে কেইবাজনো লোক। জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুৱে জনোৱা মতে, এই ঘটনাত ৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে যুৱক-যুৱতী আৰু বয়স্ক লোক। ভাচনিৰ সময়ত বহু লোক নৈৰ পাৰত থিয় হৈ আছিল।
ইয়াৰে বহুকেইজনক উদ্ধাৰ কৰা হৈছে। জলপাইগুৰি আৰক্ষী অধীক্ষক দেৱৰ্ষি দত্তই জনোৱা মতে, “নিশা প্ৰায় ৮.৩০ বজাত হৰপ্পা নৈত বান উঠে। তাৰ বাবেই মানুহবোৰ উটি যায়। ইয়াৰে সাতজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুই-এজনে নৈৰ মাজৰ চৰণীয়া পথাৰত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱা সকলোকে উদ্ধাৰ কৰা হৈছে।”
আনহাতে, বিজয়া দশমীৰ দিনা দেৱী বিসৰ্জন চাবলৈ নাৱেৰে গৈ থাকোতে এজন ছাত্ৰ ভগীৰথী নৈৰ পানীত উটি যায়। বুধবাৰে বিয়লি মুৰ্ছিদাবাদৰ বাহাৰমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছোটা সাতুই অঞ্চলত সংঘটিত হয় এই ঘটনা।স্থানীয় সূত্ৰ অনুসৰি, প্ৰতিবছৰে সেই অঞ্চলৰ বহু স্থানীয় ক্লাব, বাৰোৱাৰী পূজা সমিতি আদিৰ পৰা বহুত মানুহ গোট খায়।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কেশৱ আৰু তেওঁৰ বন্ধু যিখন নাৱত আছিল, উক্ত নাওখনত কোনো মূৰ্তি নাছিল। কেশৱ আৰু আন কেইজনমান যুৱকে নাওখনত নাচি আছিল। নাওখন যেতিয়া সৰু সাতুই ঘাটৰ ওচৰত আছিল, তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰ কেশৱে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই নাওখনৰ পৰা পানীত পৰি যায়।
কিন্তু দুৰ্ঘটনাটোৰ ভিডিঅʼ ভাইৰেল হোৱাৰ পিছতে কেশৱক এজন বন্ধুৱে নাৱৰ পৰা ঠেলি নদীত পেলাই দিয়া বুলি দাবী কৰে মৃতকৰ পৰিয়ালে। সাঁতুৰিব নোৱাৰাৰ বাবেই পানীত ডুবি যায় কেশৱ। জানিব পৰা মতে, এই পৰ্যন্ত সন্ধানহীন ছাত্ৰগৰাকী উদ্ধাৰ হোৱা নাই।