![]()
ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কৰ্ণাটক ভ্ৰমণ কৰে দ্ৰৌপদী মুৰ্মুৱে। তিনিদিনীয়া এই ভ্ৰমণত তেওঁ মঙলবাৰে বেঙ্গালুৰুস্থিত ছেইণ্ট জোচেফ বিশ্ববিদ্যালয় উদ্বোধন কৰে। RUSHA 2.0 ৰ অধীনত এইবাৰ প্ৰথমবাৰৰ বাবে এখন ব্যক্তিগত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী বাসবৰাজ বোম্বাও উপস্থিত থাকে।মন কৰিবলগীয়া যে সোমবাৰে কৰ্ণাটকৰ চামুণ্ডী পাহাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে মাইছুৰু দছেহৰা উৎসৱৰ শুভ উদ্বোধন কৰে। কেইবাটাও কাৰ্যসূচীৰ উপৰি বুধবাৰে কৰ্ণাটকৰ ৰাজ্যপালৰ দ্বাৰা তেওঁক সন্মান জনোৱাৰ বাবে এক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি তেওঁ পুনৰ দিল্লীলৈ ঘূৰি আহিব।











