![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসুক নিজৰ ‘আইকন’ বুলি প্ৰায়ে উল্লেখ কৰি আহিছে। এইবাৰ নৰেন্দ্ৰ মোদীৰ টাৰ্গেট হৈছে আম আদমী পাৰ্টিৰ নতুন ‘আইকন’ ভগত সিং।
দেওবাৰে মোদীয়ে ঘোষণা কৰে যে ভগত সিঙৰ নামেৰে চণ্ডীগড় বিমানবন্দৰ নামকৰণ কৰা হʼব। উল্লেখ্য, ২৮ ছেপ্টেম্বৰ হʼল ভগত সিঙৰ জন্ম দিৱস। তাৰ মাত্ৰ তিনিদিন আগতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ‘মন কী বাতʼত কৰা ঘোষণাটোৱে আচলতে ৰাজনীতিবিদসকলে পঞ্জাবৰ আম আদমী পাৰ্টিৰ নতুন আইকন ভগত সিঙক নিজৰ ফলীয়া কৰাৰ প্ৰয়াস বুলি ধাৰণা কৰে।
কাৰণ পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিজকে ভগত সিঙৰ অনুগামী হিচাপে উপস্থাপন কৰিছিল। পঞ্জাবত বিজেপিয়ে কংগ্ৰেছক অতিক্ৰম কৰি মূল বিৰোধী দল হʼবলৈ চেষ্টা আৰম্ভ কৰিছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড় বিমানবন্দৰৰ নাম নিজৰ মুখেৰে ঘোষণা কৰাৰ সিদ্ধান্ত উক্ত প্ৰচেষ্টাৰ এটা অংশ।
প্ৰধানমন্ত্ৰীয়ে ভগত সিঙৰ নামেৰে চণ্ডীগড় বিমানবন্দৰৰ নামকৰণৰ সিদ্ধান্তক ‘মন কী বাতʼত ইণ্ডিয়া গে’ট চৌহদত সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপনৰ সৈতে তুলনা কৰে। একে সময়তে ভগত সিঙৰ জন্মবাৰ্ষিকীৰ দিনাও তেওঁ সোঁৱৰাই দিয়ে যে তেওঁৰ চৰকাৰৰ দিনত পাকিস্তানত ‘চাৰ্জিকেল ষ্ট্ৰাইক ’ হৈছিল।
তেওঁ কয়, “মই জানো, চাৰ্জিকেল ষ্ট্ৰাইক- মাত্ৰ এই দুটা শব্দ ক’লেই সকলোৰে উৎসাহ চাৰিগুণ বাঢ়িব।” স্বাধীনতাৰ অমৃত মহোৎসৱত ভগত সিঙৰ জন্মজয়ন্তীৰ লগতে চাৰ্জিকেল ষ্ট্ৰাইক বাৰ্ষিকীও উদযাপন কৰিবলৈ মোদীয়ে কয়।










