উদ্যোগপতি ৰতন টাটা, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু লোকসভাৰ প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডাক ‘পিএম কেয়াৰ্ছ ফাণ্ডʼৰ ট্ৰাষ্টী বা সদস্য হিচাপে মনোনীত কৰা হৈছে। বুধবাৰে এক আনুষ্ঠানিক অধিসূচনাৰ জৰিয়তে এই কথা অৱগত কৰা হয়।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ‘পিএম কেয়াৰ্ছ ফাণ্ডʼৰ আন সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ সভাপতিত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন সদস্যসকলক আদৰণি জনায়। পিছত প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ এক বিবৃতিত কোৱা হয়, “প্ৰধানমন্ত্ৰীয়ে পিএম কেয়াৰ্ছ পুঁজিৰ নতুন সদস্যসকলক আদৰণি জনায়।”
টিচ ফৰ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক আনন্দ শ্বাহক পুঁজিৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। পি এম কেয়াৰছ ফাণ্ডে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, “আমি আশা কৰিছো যে উপদেষ্টা পৰিষদৰ নৱনিযুক্ত সদস্য আৰু উপদেষ্টা বোৰ্ডৰ সদস্যসকলে তেওঁলোকৰ পৰামৰ্শ আৰু সহযোগিতাৰ জৰিয়তে বহল দৃষ্টিভংগীৰে এই পুঁজিৰ কাম আগবঢ়াই নিব।”
পি এম কেয়াৰ ফাণ্ডে জাৰি কৰা অধিসূচনাখনত লগতে জনোৱা হৈছে যে এই বিশেষ পুঁজিৰ জৰিয়তে ৪৩৪৫ জন যুৱক-যুৱতীক জটিল পৰিস্থিতিত সহায় কৰা হৈছে। কেৱল জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবেই নহয়, সমাধানৰ বাবেও ‘পিএম কেয়াৰ্ছ ফাণ্ড’ সাজু হʼব বুলি দাবী কৰা হৈছে।
মন কৰিবলগীয়া যে এই পুঁজি ২০২০ চনত দেশত কোভিড মহামাৰীত আক্ৰান্ত লোকসকলক সহায়ৰ বাবে স্থাপন কৰা হৈছিল। দেশৰ প্ৰধানমন্ত্ৰী হৈছে ‘পিএম কেয়াৰছ ফাণ্ডʼৰ সভাপতি। এই পুঁজিলৈ যিসকলে বৃহৎ পৰিমাণৰ ধন দান কৰিব তেওঁলোকে আয়কৰ আদায় দিব নালাগিব বুলিও কেন্দ্রীয় চৰকাৰে অৱগত কৰিছে৷