ASSAM TIMES POST
গুৱাহাটীঃ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত স্মৃতি তৰ্পণ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। ইয়াতে নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীজনে কয় যে গোটেই জীৱন মানৱতা আৰু ভাতৃত্ববোধৰ বাবে গীত গোৱা সুধাকণ্ঠৰ আদৰ্শই চিৰদিন অসমীয়াক উদ্বুদ্ধ কৰি ৰাখিব।
সুধাকণ্ঠই দি যোৱা গীতসমূহেই অসমীয়াৰ সম্পদ আৰু ঐতিহ্য। তেখেতে গায় যোৱা ‘মানুহে মানুহৰ বাবে’, ‘আমি একেখন নাৱৰে যাত্ৰী’ আদিৰ মাজত যি গূঢ়াৰ্থ লুকাই আছে, সেয়া হৃদয়ংগম কৰি কাৰ্যত ৰূপায়ণ কৰিব পাৰিলে অসমখন সঁচা অৰ্থত এখনি সৰ্বাংগসুন্দৰ ৰাজ্য হৈ উঠিব। এই কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ আইন আৰু সংবাদ উপদেষ্টাদ্বয় ক্ৰমে শান্তনু ভৰালী আৰু হৃষীকেশ গোস্বামী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে।













