![]()
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তিনিদিনীয়া ভ্ৰমণসূচীৰে লণ্ডনত উপস্থিত হৈছে। শনিবাৰে লণ্ডনত উপস্থিত হোৱাৰ পিছত দেওবাৰে ভাৰতৰ মুৰব্বীগৰাকী ৱেষ্টমিনিষ্টাৰ হললৈ যায়। টেমছ নদীৰ পাৰৰ ৱেষ্টমিনিষ্টাৰ হলত এটা কফিনত আছে ৰাণীৰ নশ্বৰ দেহ। ৰাষ্ট্ৰপতিয়ে তাত ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাণীক শেষ বিদায় জনাবলৈ সোমবাৰে লণ্ডনত উপস্থিত থাকিব প্ৰায় ১০০ গৰাকী ৰজা-ৰাণী আৰু ৰাষ্ট্ৰপতি। লণ্ডনৰ লেংকেষ্টাৰ হাউচত তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ১০ ডাউনিং ষ্ট্ৰীটৰ পৰা ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু ইতিমধ্যেই খবৰ আহিছিল যে মোদীয়ে উজবেকিস্তানৰ এছচিঅʼৰ বৈঠকৰ বাবে যাব নোৱাৰিব।
ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিব বুলি সিদ্ধান্ত লোৱা হৈছিল। উল্লেখ্য, যোৱা ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালমোৰেল পেলেচত ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু হয়। তেওঁক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতত ১১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় শোক পালন কৰা হয়।
এলিজাবেথৰ ৰাজত্বকালত ভাৰত-ব্রিটেইনৰ সম্পর্ক অধিক ঘনিষ্ঠ হৈ পৰাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শোক প্ৰকাশ কৰে। নতুন দিল্লীস্থিত ব্ৰিটিছ উচ্চায়ুক্ততো উপস্থিত থাকি বিদেশ মন্ত্ৰী এছ জয়শংকৰে সমবেদনা জ্ঞাপন কৰে।











