উত্তৰ প্ৰদেশৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ। উন্নাত এটা ঘৰৰ চাল খহি পৰাৰ পিছতে মৃত্যু হয় তিনিজন লোকৰ। ইফালে শুকুৰবাৰে লক্ষ্ণৌৰ দিলকুছ অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰে এখন দেৱাল।
৯ জন লোকৰ মৃত্যু হয়। মৃতকৰ ভিতৰত এগৰাকী মহিলা আৰু এটি শিশু আছে। আৰক্ষীয়ে ঘটনাস্থলীত গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। উচ্চপদস্থ বিষয়াসকলক সেই স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।
মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে। আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়ায়। ধাৰাসাৰ বৰষুণৰ বাবে বিদ্যালয়-মহাবিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে।
উত্তৰ প্ৰদেশৰ ঝাঁচী, ওৰাই, লক্ষ্ণৌ, কানপুৰ, বাহৰাইচকে ধৰি কেইবাখনো জিলাত বিগত ২৪ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। অহা দুদিনৰ বাবে বেৰেলি, পিলভিট, শ্বাহজাহানপুৰ, হৰদৈ, সীতাপুৰ, কানপুৰ, প্ৰয়াগৰাজত অধিক বৰষুণৰ পূৰ্ৱাভাস জাৰি কৰা হৈছে।