কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রাৰ’ সমালোচনা কৰিবলৈ গৈ এইবাৰ ৰাহুল গান্ধীৰ পোছাকক লৈ সৰৱ বিজেপি। পদ্ম-শিবিৰৰ টুইটাৰত প্রাক্তন কংগ্রেছ সভাপতিৰ উক্ত টি-শ্বার্ট পিন্ধা ছবি পোষ্ট কৰি লিখিছে— ‘ভাৰত দেখো যাত্রা’। দ্রুত প্ৰত্যুত্তৰ আহিছে কংগ্রেছৰ পৰাও। কংগ্ৰেছে মনত পেলাই দিছে মোদীৰ ১০ লাখ টকীয়া ছুট আৰু ডেৰ লাখ টকীয়া ছান গ্লাছৰ কথা।
বিজেপিৰ দাবী, এক বিশ্ববিখ্যাত পোছাক কোম্পানীয়ে কৈছে, ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰা ৰাহুলৰ বগা টি-শ্বার্টটি বহুমূলীয়া। দেখিবলৈ সাধাৰণ যেন লাগিলেও সেইটোৰ দাম ৪১ হাজাৰ ২১৫ টকা।
উল্লেখ্য, ৫২ বছৰীয়া ৰাহুল গান্ধীয়ে বুধবাৰে তামিলনাডুৰ শ্রীপেৰম্বুদুৰত পিতৃ ৰাজীৱ গান্ধীৰ স্মৃতিস্থলীত শ্রদ্ধা নিবেদনৰ পিছত কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্রা’ আৰম্ভ কৰিছে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰ পর্যন্ত ৩,৭৫০ কিলোমিটাৰ। এই যাত্ৰা চলিব আগন্তুক পাঁচ মাহ ধৰি। আনহাতে, টুইটত ৰাহুলে লিখিছে, ‘ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ ওচৰত আমাৰ পিতৃক হেৰুৱাইছিলো। আমাৰ প্রিয় দেশক তাৰ ওচৰত নেহেৰুৱাব।’
ইয়াৰ পিছৰ পৰাই ধাৰাবাহিকভাবে ৰাহুলক আক্ৰমণ কৰি গৈছে বিজেপিয়ে। কেতিয়াবা তেওঁক পাকিস্তানলৈ যোৱাৰ পৰামর্শ দিয়া হৈছে, কেতিয়াবা আকৌ ভাৰত বিভাজনেই ৰাহুলৰ গোপন উদ্দেশ্য বুলি কোৱা হৈছে। এইবাৰ তেওঁৰ পোছাকক লৈও কটাক্ষ কৰিলে নৰেন্দ্র মোদী-অমিত শ্বাহৰ দলটোৱে।
যাৰ প্ৰত্যুত্তৰত কংগ্রেছৰ টুইটাৰত বিজেপি নেতাসকলক উদ্দেশ্যে লিখা হৈছে, ‘ভাৰত জোড়ো যাত্রাত ভিৰ দেখি ভয় খাইছে? ইছুভিত্তিক কথা কওক। নিবনুৱা আৰু মূল্যবৃদ্ধি প্ৰসংগত কথা কওক। আৰু যদি পোছাকক লৈ কথা ক’ব বিচাৰে, তেনেহ’লে মোদীজিৰ ১০ লাখ টকীয়া ছুট আৰু ডেৰ লাখ টকীয়া চশমা সন্দৰ্ভত আলোচনা কৰিব পৰা যায়। কওক কি কৰিব?’
উল্লেখ্য, ২০১৫ চনত গণতন্ত্র দিৱসত প্রধান অতিথি হিচাবে সস্ত্রীক ভাৰত ভ্ৰমণলৈ আহিছিল আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি বাৰাক ওবামা। অভিযোগ উঠিছিল, ওবামাৰ সৈতে সাক্ষাতৰ সময়ত নিজৰ নাম লেখা ১০ লাখ টকা মূল্যৰ এটি ছুট পিন্ধিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তাকে লৈও বিতর্ক হৈছিল সেই সময়ত। পৰৱর্তী সময়ত ছুটযোৰ নিলামত ৪ কোটি ৩১ লক্ষ টকাত ক্ৰয় কৰে চুৰাটৰ হীৰা ব্যৱসায়ী তথা ‘ধর্মনন্দন ডায়মন্ডছ প্রাইভেট লিমিটেড’ৰ অধ্যক্ষ লালজিভাই পেটেলে।