আজি হোজাই লংকা বজাৰত হোৱা পথ দুৰ্ঘটনাত ট্ৰাকৰ চেপাত মৃত্যু হয় কাকীৰ মুদৈয়নীৰ নিবাসী জুনু বৰা নামে এগৰাকী মহিলাৰ। আহতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত্যু বুলি ঘোষণা কৰে।
লংকা বজাৰৰ সমুখত পথৰ দুৰৱস্থাৰ বাবে এনে শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰি স্থানীয়ে ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ শাম কাটে। দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ লগতে চালকজন ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। ট্ৰাকখনৰ নম্বৰ AS01 GC 6990।