ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী মাজৰআতি স্থিত গোপাল গো-শালাত আজি বিয়লি গোপাষ্টমী মেলাৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰে । ৰাজ্যপাল গৰাকীয়ে প্ৰথমে গো-শালাৰ নৱ-নির্মিত প্ৰৱেশ দ্বাৰ আৰু নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে।ইয়াৰ পিছতে ৰাজ্যপালে গো পূজাত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে বৰ্তমান গো পালনৰ ওপৰত বাখ্যা আগবঢ়াই লগতে কয় যে গো-মূত্ৰৰ বিভিন্ন গুণ আছে আৰু আমি ইয়াক সঠিক কামত ব্যৱহাৰৰ চেষ্টা কৰিব লাগে।আজিৰ এই অনুষ্ঠানত অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গোপাল গো শালাত এতিয়াৰ পৰা সপ্তাহত ৩ দিনকৈ পশু চিকিৎসক আহি সেৱা আগবঢ়াব বুলি ঘোষণা কৰে।আজিৰ এই অনুষ্ঠানত জিলা উপায়ুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকে।











