ASSAM TIME POST
গুৱাহাটীঃ ‘এনআৰচিৰ ভিত্তিবৰ্ষ সম্পৰ্কত যিসকলে অভিযোগ উত্থাপন কৰিছে, তেওঁলোকে জুইৰ সৈতে খেলা কৰিছে। নতুন ভিত্তিবৰ্ষৰে কাম আৰম্ভ কৰাৰ কোনো অৱকাশ নাই।’, এই মন্তব্য দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। দেওবাৰে নতুন দিল্লীত এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কীয় গোচৰসমূহৰ বিচাৰৰ দায়িত্বত থকা বিচাৰপীঠৰ মুৰব্বীজনে লগতে কয় যে অসমত এনআৰচি এটা নতুন ধাৰণা নহয়। মাথো ১৯৫১ চনৰ এনআৰচিখনক উন্নীত কৰাহে হৈছে। এনআৰচিখন ক্ষন্তেকীয়া নথি নহয়। ইয়াৰপৰা ১৯ লাখ বা ৪০ লাখৰ নাম বাদ পৰাটো মূল কথা নহয়। ই হৈছে ভৱিষ্যতৰ কাৰণে এখন ভিত্তি নথি। ভৱিষ্যতৰ বহু কাৰণত ইয়াৰ ব্যৱহাৰ হ’ব। এনআৰচি উন্নীতকৰণৰে অসমে দেশক বাট দেখুৱালে বুলি তেওঁ কয়।











