ASSAM TIMES POST
নতুন দিল্লীঃ বিহাৰত দেওবাৰে ষট পূজা উদযাপন কৰি থকা সময়তে এটা মন্দিৰৰ দেৱাল খহি পৰাত দুগৰাকী মহিলা আৰু এজন লোকে প্ৰাণ হেৰুৱায়। ৰাজ্যখনৰ সমষ্টিপুৰত এই ঘটনা ঘটে। এছডিআৰএফৰ এটা সূত্ৰই জনোৱা অনুসৰি, ধ্বংসস্তূপত এতিয়াও বহু ভক্ত আৱদ্ধ হৈ আছে। সেয়ে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইফালে, নিহতসকলৰ নিকট আত্মীয়লৈ বিহাৰ চৰকাৰে ৪ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াইছে। এই ঘটনাৰ সমান্তৰালভাৱে, শনিবাৰেও ৰাজ্যখনত সংঘটিত এক শোকাৱহ ঘটনাত দুটি শিশুৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া ষট পূজাস্থলীতে হোৱা ঠেলা-হেঁচাত শিশু দুটিয়ে কৰুণ মৃত্যুক সাৱটি লয়। ইয়াতো বহু লোক আহত হয়।











