কেইবছৰমান আগত দেশৰ বাহিৰত কিমানজনে গৌতম আদানীৰ নামটো জানিছিল? কলেজৰ শিক্ষা আধাতে এৰা এই ভাৰতীয় উদ্যোগপতিজনে হীৰাৰ ব্যৱসায়ী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
তাৰ পিছত কয়লাৰ ব্যৱসায়। আৰু এতিয়া পৃথিৱীৰ তৃতীয় ধনী ব্যক্তিৰ নাম গৌতম আদানী। চতুৰ্থ স্থানৰ পৰা আৰু এখোজ ওপৰলৈ উঠিলে তেওঁ। এই তালিকাত শীৰ্ষত আছে টেছলাৰ মুৰব্বী ইলʼন মাস্ক। জেফ বেজোছ দ্বিতীয় স্থানত।
তালিকাত তৃতীয় স্থান দখল কৰা প্ৰথমজন এছিয়ান আদানী। এঘাৰ নম্বৰত আছে মুকেশ আম্বানী। ব্লুমবাৰ্গ বিলিয়নাৰছ ইনডেক্সে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত দেখা গৈছে যে আদানীয়ে লুই ভিটনৰ বছ বাৰ্নাৰ্ড আৰ্নল্টক পিছ পেলাই তৃতীয় নম্বৰত স্থান লাভ কৰিছে। ব্লুমবাৰ্গৰ তালিকাৰ শীৰ্ষ তিনিটা স্থানত প্ৰৱেশ কৰা প্ৰথম এছিয়ান হিচাপে আদানীক কোৱা হৈছে।
ৰিলায়েন্স আৰু টাটা গ্ৰুপৰ পিছতে আদানী গ্ৰুপ ভাৰতৰ তৃতীয় বৃহত্তম ঔদ্যোগিক সংঘ। বিদেশতো ব্যৱসায় বৃদ্ধিৰ বাবে আদানী গ্ৰুপে উদ্যোগ লৈছে। খবৰ অনুসৰি আদানী গ্ৰুপে বাংলাদেশলৈ বিদ্যুৎ ৰপ্তানি কৰিব পাৰে। ইয়াৰ পূৰ্বে আদানী গ্ৰুপে শ্ৰীলংকাত বায়ু শক্তি কেন্দ্ৰও নিৰ্মাণ কৰিছিল।