ASSAM TIMES POST
নগাঁওঃ “একবিংশ শতিকাত শিক্ষাৰ উত্তৰণ হৈছে। আমি এই দিশত সকলোৱে লক্ষ্য ৰাখি আগবাঢ়িব লাগিব। নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলে আধুনিক শিক্ষা ব্যৱস্থাক আকোৱালি লৈ আগবাঢ়িলে উপকৃত হ’ব।” এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাৰ। আজি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত অনুষ্ঠিত হাজী আব্দুৰ ৰৌফ স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত হাজী আব্দুৰ ৰৌফ স্মাৰক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ডঃ ডেকাই আৰু কয় যে আজিৰ যুগৰ ছাত্র-ছাত্ৰী সকলে গোলকীকৰণ আৰু আন্তৰ্জাতিককৰণৰ শিক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব।
তেওঁ বক্তৃতা প্ৰসংগত চৰকাৰৰ নতুন শিক্ষা নীতিক প্ৰশংসা কৰি কয় যে এই শিক্ষা ব্যৱস্থাই ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰাত সহায় কৰিব। উক্ত অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই সংখ্যালঘু অধ্যুষিত অঞ্চলত বহু অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি উঠাটো এক শুভ লক্ষণ বুলি মন্তব্য কৰে ।
আবু চাদিক কবিৰে আঁত ধৰা সভাখনত ন্যাসৰ সভাপতি তথা জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হাসমত আলীয়ে নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বক্তব্য ৰাখে। উক্ত অনুষ্ঠানত অধ্যাপক খগেন্দ্ৰনাথ মেহেলা, ধিঙৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, শিক্ষাবিদ লুতফুৰ ৰহমান, প্ৰয়াত হাজী আব্দুৰ ৰৌফৰ পুত্ৰ ডাঃ ছফিকুল ইছলাম, অধ্যাপক আনোৱাৰ হুছেইন আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।