নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেতৰ বিকানিয়েৰ জুৱালাৰীৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন চাৰিচকীয়া বাহনে এখন মটৰ চাইকেল আৰোহী অৰ্থাৎ নগাঁও ASTC NRL ৰ কৰ্মচাৰী ভাস্কৰ বৰাক মহতিয়াই নিয়াৰ ফলত তেওঁৰ থিতাতে মৃত্য হয়।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে গাড়ীখনৰ চালক আৰু আৰোহী। গাড়ীখনত উদ্ধাৰ হৈছে সুৰাৰ বটলো। দুৰ্ঘটনাত সংঘটিত হোৱা নিচান গাড়ীখনৰ নম্বৰ AS-01-BX -7448 আৰু মটৰ চাইকেলখনৰ নম্বৰ AS-02-F- 5440। প্ৰবল বৃষ্টিপাতৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।