ASSAM TIMES POST
বোকাখাতঃ আজিৰ পৰা বোকাখাতত থকা ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাটত ত্ৰিশ দিনীয়া এক সৌন্দৰ্য চৰ্চাৰ ( Beauty Parlour) প্ৰশিক্ষণ আৰম্ভ কৰা হয়। আজি এই প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহকুমা নিৰ্বাচনী বিষয়া নিতিশা বৰাই। প্ৰশিক্ষণটোত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তপৰ পৰা অহা মুঠ পয়ত্ৰিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে।
এমহীয়া এই সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণৰ অন্তত সফলভাৱে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হ’ব। উদ্বোধনী অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে শপত বাক্য পাঠ কৰোৱাই নিতিশা বৰাই৷ উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক বিদ্যুৎ খাটনিয়াৰে৷ সহযোগ কৰে প্ৰতিষ্ঠানটোৰ সহযোগী প্ৰশিক্ষক হীমাশ্ৰী শইকীয়াই।