![]()
পৰীক্ষাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছিল এগৰাকী ছাত্ৰ।কিন্তু হাতত মাৰ্কশ্বীট লৈ স্তম্ভিত বিহাৰৰ এজন ছাত্ৰ। কাৰণটো হ’ল তেওঁ স্নাতক পৰ্যায়ৰ পৰীক্ষাত ৰাজনীতি বিজ্ঞানত ১০০ নম্বৰৰ ভিতৰত ১৫১ নম্বৰ পালে! অৰ্থাৎ মুঠ সংখ্যাতকৈ ৫১ বেছি! উত্তীৰ্ণ হোৱাৰ আশা কৰিছিল যদিও মাৰ্কশ্বীট পোৱাৰ পিছতে স্তম্ভিত হৈ পৰে ছাত্ৰগৰাকী। তাৰ পিছত বিষয়টো বিশ্ববিদ্যালয় কৰ্তৃপক্ষক জনোৱা হয়।
বিহাৰৰ দ্বাৰভঙা জিলাৰ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। কলা বিভাগৰ এগৰাকী ছাত্ৰৰ মাৰ্কশ্বীটত সংঘটিত হৈছে এই আচৰিত ঘটনা। কেইমাহমান পূৰ্বে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। এসপ্তাহ পূৰ্বে ফলাফল ঘোষণা কৰা হয়। মাৰ্কশ্বীট লাভ কৰাৰ পিছত ছাত্ৰজনে কয়, ‘ৰিজাল্ট পাই মই আচৰিত হৈছিলো।
অস্থায়ী মাৰ্কশ্বীট হ’লেও ফলাফল প্ৰকাশ কৰাৰ আগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াক চাব লাগিছিল।’ বিশ্ববিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰৰ সৈতেও সংঘটিত হৈছে এক ঘটনা। একাউণ্ট আৰু বিত্তীয় বিষয়ৰ চতুৰ্থ পেপাৰত তেওঁক ১০০ৰ ভিতৰত শূন্য দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ উত্তীৰ্ণ হয়।
বিষয়টোক কেন্দ্ৰ কৰি চলি থকা হুলস্থুলৰ পিছৰে পৰা এতিয়া বিবুধিত পৰিছে কৰ্তৃপক্ষ। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মুস্তাক আহমেদে কয়, ‘দুয়োটা ক্ষেত্ৰতে মাৰ্কশ্বীট ছপা কৰাত ভুল হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ কৰাৰ লগে লগে নতুন মাৰ্কশ্বীটখন শুধৰাই দিয়া হ’ল। মাত্ৰ এটা মিছপ্ৰিণ্ট, ইয়াতকৈ বেছি একো নহয়।’











