উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা ডাঙৰ খবৰ। ২৯ জুলাইত উত্তৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতিৰ নাম ঘোষণা হʼব পাৰে।বুধবাৰে নিশালৈকে এই বিষয়ত চৰকাৰ আৰু দলটোৰ মাজত গভীৰ আলোচনা হয়। এই বিস্তৃত আলোচনাত নতুন ৰাজ্যিক সভাপতিৰ নাম প্ৰায় সিদ্ধান্ত কৰা হৈছে।
জানিব পৰা মতে, বিজেপি চৰকাৰ আৰু দলটোৰ মাজত হোৱা আলোচনাৰ পাছতে বহু নামৰ তালিকা এখন কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছিল। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আজি একেখন তালিকাত থকা উক্ত নামসমূহৰ বিষয়ে আলোচনা কৰিব।
খবৰ মতে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই উত্তৰ প্ৰদেশত ইয়াৰ আঞ্চলিক আৰু জনগোষ্ঠীয় সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি ২৯ জুলাইত নতুন ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰিব পাৰে।
যোৱা নিশালৈকে যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰ আৰু দলীয় সংগঠনৰ মাজত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত বিস্তৃত আলোচনা হয় আৰু সেই মহা মন্থনত ওলোৱা নামকেইটা এতিয়া কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে।