প্ৰতিগৰাকী কন্যাৰ বাবে তেওঁৰ পিতৃ আটাইতকৈ প্ৰিয় ব্যক্তি। এই চিৰন্তন সম্পৰ্কৰ পূৰ্ণতা শৈশৱৰ পৰাই প্ৰকাশ পায়। আনকি পিতৃৰ বাবেও তেওঁৰ ছোৱালী অমূল্য সম্পদ। এনে অৱস্থাত ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে পিতৃ-কন্যাৰ মাজত অবিচ্ছেদ্য বন্ধনৰ এক সুন্দৰ দৃশ্য।
প্ৰতিদিনে নেটত ভাইৰেল হৈ পৰে হাজাৰ হাজাৰ ভিডিঅ’। অৱশ্যে ইয়াৰ ভিতৰত অতি কম সংখ্যক ভিডিঅʼই হৃদয় স্পৰ্শ কৰে। এইবাৰ এটা ভাল দৃশ্য চৰ্চালৈ আহিছে। যʼত এগৰাকী শিশু কন্যাই নিজৰ হাতেৰে দেউতাকক খুৱাই থকা দেখা গৈছে। কেৱল সেয়াই নহয়, ভিডিঅʼটোত থকা মানুহজনেও নিজৰ কন্যাৰ প্ৰতি মৰম দেখুৱাইছে। আৰু এই দৃশ্য দেখি আৱেগিক হৈ পৰিছে নেটিজেনসকল। তদুপৰি, ধুমুহাৰ গতিত ভাইৰেল হৈ পৰা ভিডিঅʼটো ইতিমধ্যে সকলোৰে কাষ চাপিছে।
উল্লেখ্য, আমি সকলোৱে আজিকালি দিনটোৰ যথেষ্ট সময়খিনি ছ’চিয়েল মিডিয়াত কটাওঁ। লগতে বিশ্বজুৰি কি হৈ আছে তাৰ আপডেট সহজে বিচাৰি পোৱা যায়। আনহাতে, আমোদজনক পোষ্ট আৰু ভাইৰেল ভিডিঅʼটো আছেই। উক্ত ভিডিঅ’বোৰৰ মাজত এনে কিছুমান ভিডিঅʼ আছে যিবোৰ চোৱাৰ পিছত সকলোকে সুখী কৰি তোলে। এই ভিডিঅ’টোও ইয়াৰ ব্যতিক্ৰম নহয়।
শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅʼটোত দেখা গৈছে যে মুম্বাইত এজন লোকে নিজৰ কন্যাৰ সৈতে স্থানীয় ৰেʼলত যাত্ৰা কৰি আছিল। সেই সময়ত তেওঁ ৰেʼলৰ দুৱাৰৰ ওচৰত বহিছিল আৰু লগত থকা কন্যাক এখন হাতেৰে ধৰি আছিল।
ঠিক তেতিয়াই কণমানিজনীয়ে পৰম আদৰেৰে দেউতাকক ফল খুৱাই আছে। লগতে নিজেও খাবলৈ ধৰে। কেৱল সেয়াই নহয় ভিডিঅ’টোত থকা ব্যক্তিজনেও তেওঁৰ কন্যাৰ প্ৰতি স্নেহৰ পৰশ প্ৰদৰ্শন কৰে।
ইফালে সেই মৰমৰ দৃশ্য দেখি সকলোৱেই আপ্লুত হৈ পৰে। ইতিমধ্যে এই ভিডিঅ’টো দ্ৰুত গতিত ভাইৰেল হৈছে। সাক্ষী মেহৰোত্ৰা নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰিছে। কেপচনত তেওঁ লিখিছে, “মই এনেকুৱা মুহূৰ্তৰ বাবে জীয়াই থাকিব বিচাৰো।” দৰ্শকে ভিডিঅʼটো চাবলৈ ব্যাকুল হৈছে।
আনকি লাইকৰ সংখ্যাও বাঢ়ি গৈ আছে। কাৰণ সকলোৱে এই মনোমোহা দৃশ্যটো দেখি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কণমানি ছোৱালীজনীক প্ৰশংসা কৰি এজনে লিখিছে, “এই দৃশ্যটো সঁচাকৈয়ে ধুনীয়া।” লগতে আন এজনে লিখিছে, “এই প্ৰেমৰ কোনো চৰ্ত নাই। বৰঞ্চ এই প্ৰেম অতি নিৰ্মল।”