সোমবাৰে পুৱাতেই সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একাধিক লোকে প্ৰাণ হেৰুৱাবলগা হয়। উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেʼত সংঘটিত হয় এই দুৰ্ঘটনা।
পুৱা দুখন ব্যক্তিগত বাছৰ মুখামুখী সংঘৰ্ষত ৮ জন লোকৰ থিতাতে মৃত্যু হয়। আহত হৈছে কমেও আন ২০ জন লোক। তাৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে, মৃতকৰ সংখ্যা বৃদ্ধি হʼব পাৰে বুলি চিকিৎসকে আশংকা প্ৰকাশ কৰিছে।
স্থানীয় ৰাইজৰ মতে, বিহাৰৰ পৰা দিল্লীলৈ গৈ আছিল দুখন বাছ। লক্ষ্ণৌৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাৰাবাঁকি জিলাত বিপৰীত ফালৰ পৰা অহা আন এখন বাছৰ সৈতে তাৰে এখনৰ মুখামুখী সংঘৰ্ষ হয়। ফলত দুয়োখন বাছেই ৰাস্তাত ওলটি যায়। স্থানীয় ৰাইজ উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে। খবৰ পোৱাত ততাতৈয়াকৈ উপস্থিত হয় আৰক্ষী। আহতসকলক লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে।
উক্ত মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ লাভ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰশাসনিক বিষয়াসকলক দুৰ্ঘটনাগ্ৰস্ত লোকসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।