![]()
দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ দ্ৰৌপদী মুৰ্মুৰ। দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু দেশৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হৈছে তেওঁ। আজি শপত গ্ৰহণৰ পূৰ্বে তেওঁ গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শপত গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে প্ৰথম ভাষণ দিয়ে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত।
আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় দেশৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী। তাত গৈ তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰিয়ালৰ সকলো সদস্যকে সাক্ষাৎ কৰে। ৰামনাথ কোবিন্দৰ লগতে তেওঁ সংসদ ভৱনত প্ৰৱেশ কৰে। উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা উপস্থিত থাকি তেওঁক আদৰণি জনায়।
সোমবাৰে পুৱা ১০.১৫ বজাত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে। শপত গ্ৰহণ কৰাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথম ভাষণত তেওঁ কয়, “সকলোৰে আশীৰ্বাদ লৈ মই ভাৰতৰ ৰাষ্ট্ৰপতি হৈছো। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি।” লগতে নিজকে অতি ভাগ্যৱান বুলি অনুভৱ কৰে বুলিও তেওঁ কয়।











