ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ‘৮৩ ৰ জুয়ে পোৰা অসমত এমেচাৰ নাট্যজগতত এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰি জাতীয় সচেতনতাৰে বোকাখাতৰ পুৰোধা কিছু ব্যক্তিৰ নেতৃত্বত জন্ম লৈছিল ৰূপজ্যোতি সংঘই অসমৰ এমেচাৰ নাট জগতৰ স্বনামধন্য নাট্যকাৰ পৰিচালক শ্ৰদ্ধাৰ ৰফিকুল হোচেইন য’ত ওতঃপ্ৰোতভাৱে সংপৃক্ত হৈ আছে।
অসমৰ নাট্য জগতৰ অন্যতম চিনাকি নাম বোকাখাতৰ ৰূপজ্যোতি সংঘই যোৱা ২৪ অক্টোবৰত মঞ্চস্থ কৰে ঊনবিংশতিতম পূৰ্ণাংগ নাট্য প্ৰযোজনা “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”। আধুনিক অসমীয়া নাট্যভাৱনাৰ প্ৰবাদ পুৰুষ পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণত অনুষ্ঠিত নাট্য সন্ধিয়াত আধুনিক উত্তৰ ভাৰতৰ লব্ধপ্ৰতিষ্ঠ নাট্যকাৰ সুৰেন্দ্ৰ বাৰ্মাৰ মূল হিন্দীৰ পৰা প্ৰবীণ নাট্যশিল্পী দ্বিজেন্দ্ৰ নাথ শৰ্মাই কৰা অসমীয়া অনুবাদ “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”।
নাটখনি ভাৰতীয় ইতিহাসৰ মৌৰ্যবংশীয় উপপতি নিয়োগ ৰীতি প্ৰথাই উত্তৰাধিকাৰী প্ৰসংগত ব্যক্তি-মানসিকতাত সৃষ্টি কৰা ভীষণ চাপ সম্বলিত এখনি সুন্দৰ নাট। নাটখনিৰ পৰিচালনা খ্যাতনামা নাট্যকাৰ পৰিচালক ৰফিকুল হোছেইনৰ৷ দক্ষ প্ৰবীণ অভিনেতা বিমান বৰুৱাই ওক্কাকৰ চৰিত্ৰ সুন্দৰভাৱে ৰূপায়ণ কৰি সুদক্ষ অভিনেতাৰ পৰিচয় দিলে। নাট্য মঞ্চত প্ৰথমবাৰৰ বাবে ভৰি দি ৰাণী শিলৱতীৰ চৰিত্ৰটি ৰূপায়ণ কৰিলে নাট সমালোচক-সাংবাদিক অজন্তা তালুকদাৰে। মহামন্ত্ৰীৰ চৰিত্ৰত প্ৰৱীণ নাট্যকৰ্মী ক্ৰমে জিতুশৰ্মা ৰাজখোৱা, আৰ্য প্ৰত্যুষৰ চৰিত্ৰত বিপুল কলিতা, সেনাপতি প্ৰধান অৰুণ শইকীয়া, ৰাজপুৰুহিত দুলাল ডেকা আৰু মহত্তৰিকা, প্ৰতিহাৰী আৰু এটি নিৰ্বাক চৰিত্ৰত যুৱ নাট্যকৰ্মী ক্ৰমে প্ৰত্যাশা ভৰদ্বাজ, ভাগ্যশ্ৰী পৰাশৰ আৰু নমিতা বৰ্মনে নাটকে দাবী কৰাৰ ধৰণেৰে চৰিত্ৰৰ গুৰুত্ব অনুসৰি সুন্দৰ অভিনয় কৰি নাটকৰ গতিশীলতা প্ৰদান কৰিলে।
নাটকখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ঘোষক আৰু প্ৰহৰীৰ চৰিত্ৰত অভিলাষ বৰবৰা আৰু আন দুই প্ৰহৰীৰ চৰিত্ৰত উতথ্য কাশ্যপ আৰু দোলন বাহেকৰ অভিনয়ও আছিল সাৱলীল৷ নেপথ্যৰ পোহৰত ৰাতুল বৰা, আৱহ সংগীতত দীপক শৰ্মা, শব্দ টুটু (তিতাবৰ), মঞ্চ সজ্জা দ্বিজেন নাথ, ৰূপসজ্জা নিৰজমণি বৰা, সাজসজ্জা ৰূপা হাজৰিকা, দোলন বাহেক আৰু মানসী দেবী। প্ৰযোজনা সহকাৰী হিচাপে অনন্ত হাজৰিকা, অভিলাষ বৰবৰা, বুধিন দাস, মোহন মুণ্ডা আৰু শম্ভু ঘোষ৷
নাটকৰ শেষত অনুবাদক নাট্যকাৰ দ্বিজেন্দ্ৰ নাথ শৰ্মাক ৰূপজ্যোতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে শুভেচ্ছা জনোৱা হয় বোকাখাতৰ নৱ নিযুক্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু নাটকত সহযোগিতা আগবঢ়োৱা দিলীপ গগৈক৷ স্থানীয় দৰ্শকৰ ওপৰিও অসমৰ বিভিন্ন স্থানৰ পৰা অহা গণ্যমান্য নাট্যকৰ্মীসকলে উপস্থিত থাকি উপভোগ কৰা নাটখনিৰ শেষত ৰূপজ্যোতিৰ তৰফৰ পৰা সকলো শিল্পী, কলা কুশলী আৰু দৰ্শকলৈ শলাগ জনোৱা হয়।