![]()
উচ্চতম ন্যায়ালয়ে অবিবাহিত মহিলাৰ বাবে মেডিকেল টাৰ্মিনেচন অব প্ৰেগনেন্সি আইন সংশোধন কৰে। এই পৰিৱৰ্তনৰ ফলত অবিবাহিত মহিলাসকলে অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহত গৰ্ভপাত কৰিব পাৰিব।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, সূৰ্য কান্ত আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে মহিলাগৰাকীৰ চেক আপ কৰিবলৈ দুজন চিকিৎসকৰ বʼৰ্ড গঠন কৰিবলৈ এইমছৰ সঞ্চালকক নিৰ্দেশ দিয়ে। শুকুৰবাৰৰ ভিতৰত এই মেডিকেল চেক-আপ কৰিব লাগে আৰু গৰ্ভপাতৰ সময়ত মহিলাগৰাকীৰ জীৱন বিপদত পৰিব পাৰে নেকি সেই বিষয়ে খবৰ দিব লাগে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
আদালতে বিচাৰিছে এসপ্তাহৰ ভিতৰত মেডিকেল ৰিপোৰ্ট। উচ্চতম ন্যায়ালয়ৰ মতে, ২০২১ চনত সংশোধিত মেডিকেল টাৰ্মিনেচন অব প্ৰেগনেন্সি আইনত ‘স্বামী’ৰ সলনি ‘পাৰ্টনাৰ’ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিল। কেৱল অবিবাহিত হোৱাৰ বাবেই সন্মতিসূচক সম্পৰ্কত গৰ্ভৱতী হোৱাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে মহিলাগৰাকীক গৰ্ভপাতৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উচ্চতম ন্যায়ালয়ে সেই ৰায়ক অসামঞ্জস্যপূৰ্ণ বুলি অভিহিত কৰে। বিচাৰপীঠৰ মতে, আবেদনকাৰী মহিলাগৰাকীয়ে অনাকাংক্ষিতভাৱে গৰ্ভধাৰণ কৰাটো একেবাৰেই বাঞ্ছনীয় নহয়, কেৱল অবিবাহিত হোৱাৰ বাবেই।











