![]()
ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ ২৫গৰাকীকৈ বিৰোধীৰ বিধায়কে ভোট দিলে দ্ৰৌপদী মুৰ্মুক।বিৰোধী ২৫টাকৈ ক্ৰছ ভোট পৰে এন ডি এ সমৰ্থিত প্ৰাৰ্থী গৰাকী পক্ষত।
উল্লেখ্য যে অসমত তেওঁ লাভ কৰে ১০৪জন বিধায়কৰ ভোট। তাপৰ্যপূৰ্ণ কথা যে নিৰ্বাচন অনুষ্ঠিত হোৱা এদিন পূর্বে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে সংবাদ মাধ্যমক এই কথা জনাইছিল।তেওঁ কৈছিল অসমৰ পৰা ১০৪টাকৈ ভোট এন ডি এ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিব।
বিধায়ক গৰাকী কথা সঁচা প্ৰমাণিত হয় আজি অনুষ্ঠিত হোৱা ভোট গণনাত।উল্লেখ্য যে আজি অনুষ্ঠিত ভোটগণনাত যশোৱন্ত সিনহাক পৰাস্ত কৰি ৰাষ্ট্ৰপতিৰূপে জয়ী হয় আদিবাসী দ্ৰৌপদী মুৰ্মু।উল্লেখ্য যে যোৱা ১৮জুলাই অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।











