নূপুৰ শৰ্মাক বৰ্তমান গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি জনালে উচ্চতম ন্যায়ালয়ে। পয়গম্বৰৰ সন্দৰ্ভত অশ্লীল মন্তব্য কৰাৰ বাবে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা ৯টা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি আজি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে।
নূপুৰে তেওঁৰ বিৰুদ্ধে সকলো গোচৰ একত্ৰিত কৰিবলৈ অনুৰোধ জনায়। আজি সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ৰাজ্যসমূহৰ পৰা সঁহাৰি বিচাৰে। ১০ আগষ্টত নূপুৰ শৰ্মাৰ এই অনুৰোধ বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে। জনোৱা হৈছে যে তেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে আৰু কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব।
বিজেপি নেতাগৰাকীৰ অনুৰোধৰ উত্তৰ দিবলৈ কোৱা ৯খন ৰাজ্য হʼল দিল্লী, মহাৰাষ্ট্ৰ, তেলেংগানা, পশ্চিমবংগ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু অসম। নূপুৰ শৰ্মাৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ক জনোৱা মতে, আদালতৰ নিৰ্দেশৰ বাবে নূপুৰে অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আছে।