
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ তৎপৰতা। শেহতীয়াকৈ, গোপন সূত্ৰৰ পম খেদি ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা এটি দলে সিজুবাৰী পাচআলীস্থিত নিৰ্দ্দিষ্ট ঘৰ এটাত অভিযান চলায়। এই অভিযানত নগদ ৫০ হাজাৰ টকা, তিনিটা মোবাইল ফোন, ১১ গ্ৰাম হেৰোইনৰ লগতে খালী আৰু ভৰ্তি কন্টেইনাৰ (Drug Supplier Arrested in Guwahati) জব্দ হয়।
দীৰ্ঘদিনৰ পৰা ঘৰটোৰ পৰা ড্ৰাগছৰ বেহা চলোৱা হৈছিল। গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ ব্যৱসায়ীয়ে নিজ ঘৰতে কাৰ্যালয় পাতি চলাইছিল বেহা। গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীৰ নাম ফাৰুক আলী আৰু হাছিনা বেগম।
ফাৰুক আলীৰ ঘৰতে হাছিনা বেগমে ভাৰা আছিল। বন্ধু-বান্ধৱীয়ে যুটীয়াভাৱে চলাইছিল বেহা। উল্লেখ্য যে নিশাৰ ভাগত সিজুবাৰীতে আন এক অভিযান চলাই হাতীগাঁও আৰক্ষীয়ে মহিলা সৰবৰাহকাৰী ময়ুৰী বেগমক আটক কৰে।












