তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিতৰ্কিত টুইটৰ প্ৰসংগত কংগ্ৰেছ বিধায়কৰ প্ৰতিক্ৰিয়া প্রকাশ।কংগ্রেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্তই কয়- তৃণমূল সাংসদ মৈত্ৰই কেৱল আহোম বা গগৈ উপাধিধাৰীক অপমান কৰা নাই সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে।অসমীয়া জাতি ওচৰত ক্ষমা খুজিব লাগে।
আনহাতে কংগ্ৰেছৰ আন এগৰাকী বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয়- মহুৱা মৈত্ৰই টাৰ্গেট কৰা ব্যক্তি গৰাকী উত্তৰলৈ আমি অপেক্ষা কৰিছোঁ।পূৰ্বতে তেওঁৰ বিষয়ে আমিয়ো শুনিছিলোঁ,কিমানদূৰ সত্য নাজানো।
‘অসমত বসবাস কৰা কোনো জাতিক অপমান সহ্য কৰা নহব।কলা দাগ থকা মানুহ বিজেপিত যোগদান কৰিলে বগা হৈছে যায়’ – সিকদাৰে কয়।
ইফালে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই মৈত্ৰ প্ৰসংগত কয়- মহুৱা মৈত্ৰই সমগ্ৰ ‘গগৈ’ সমাজৰ কথা কোৱা নাই।সাংসদ ৰঞ্জন গগৈ কথাহে কৈছে বুলি স্পষ্ট কৰি দিছে।
উল্লেখ্য যে সংসদে নিষিদ্ধ কৰিছে কিছুমান শব্দ।তাৰ ভিতৰত আছিল ‘যৌন নিৰ্যাতন’ শব্দটো।উক্ত শব্দটো প্ৰসংগতে সাংসদ গৰাকীয়ে যৌন নিৰ্যাতনৰ প্ৰতিশব্দ মিষ্টাৰ গগৈ বুলি বৃহস্পতিবাৰে প্ৰথমটো টুইট কৰিছিল।পৰৱৰ্তী সময়ত গগৈ উপাধি ব্যক্তি তথা আহোম জাতি মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত আজি পুনৰ মৈত্ৰই স্পষ্ট কৰিছে মিষ্টাৰ গগৈজনৰ নাম।টুইটাৰত প্রকাশ অনুসৰি নিৰ্দিষ্ট গগৈজন ৰাজ্যসভা সাংসদ ৰঞ্জন গগৈ।