উত্তৰ প্রদেশ চৰকাৰে দিয়া নাম ‘ৰিপোর্ট কার্ড’। আনহাতে, বিৰোধীৰ অভিযোগ, মুখ্যমন্ত্রী পদত দ্বিতীয়টো কাৰ্যকালত যোগী আদিত্যনাথৰ প্রথম ১০০ দিনত ‘আৰক্ষীৰ নিপীড়ন’ৰ খতিয়ান।
উক্ত খতিয়ান মতে, যোগীৰ দ্বিতীয়টো কাৰ্যকালৰ প্রথম ১০০ দিনত উত্তৰ প্রদেশৰ মুঠ আৰক্ষী এনকাউন্টাৰৰ সংখ্যা ৫২৫! পাঁচজন ‘দুষ্কৃতিকাৰী’ আৰক্ষীৰ গুলীত নিহত হৈছে। আহতৰ সংখ্যা ৪২৫। ১,০৩৪ জন দুষ্কৃতিকাৰীক গ্রেপ্তাৰ কৰিছ যোগীৰ আৰক্ষীয়ে। সংঘর্ষত আহত হৈছে ৬৮ জন আৰক্ষী বিষয়া।
ইয়াৰ উপৰি বিভিন্ন অপৰাধমূলক ঘটনাত অভিযুক্তৰ ১৯০ কোটি টকাৰ সম্পত্তিও বাজেয়াপ্ত কৰা হৈছে। যোগীয়ে সোমবাৰে কয়, ‘‘বিগত কেইবা বছৰ ধৰি মুঠ ২,৯২৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে।’’ যোগী চৰকাৰৰ সাফল্য তুলি ধৰি লখনৌৰ লোক ভৱনত এখন তথ্যচিত্র প্রদর্শিত হয়।