বৰ্তমান নিলম্বিত বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ভৰ্ৎসনা কৰাৰ পিছত ন্যায়াধীশসকলৰ সিদ্ধান্তৰ বাবে তেওঁলোকৰ ওপৰত ব্যক্তিগত আক্ৰমণ আৰম্ভ হৈছে।
উল্লেখ্য, নূপুৰক উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অন্যতম সদস্য ন্যায়াধীশ জে বি পাৰডিৱালাই ভৰ্ৎসনা কৰিছিল। এক অনুষ্ঠানত তেওঁ কয় যে ৰায়দানৰ বাবে ন্যায়াধীশসকলৰ ওপৰত ব্যক্তিগত আক্ৰমণে ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে।
নূপুৰৰ আবেদনৰ শুনানিত ন্যায়াধীশ পাৰ্দিৱালা আৰু ন্যায়াধীশ সূৰ্যকান্তই কেইবাটাও কঠোৰ শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হৈছিল তেওঁলোকৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ।
উল্লেখ্য, নূপুৰ শৰ্মাই দেশজুৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ একেলগে দিল্লীলৈ হস্তান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।
লগতে নিলম্বিত বিজেপি নেত্ৰীগৰাকীয়ে নিজৰ লগতে পৰিয়ালৰ প্ৰতিও নিৰাপত্তাহীনতাৰ দাবী কৰে। উচ্চতম ন্যায়ালয়ে উক্ত আবেদনৰ শুনানি দি ওলোটাই নূপুৰক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় বুলি আৰক্ষীক প্ৰশ্ন কৰে। তদুপৰি, দেশৰ অশান্তিৰ বাবে নূপুৰকো দোষাৰোপ কৰে উচ্চতম ন্যায়ালয়ে।
দেওবাৰে এক অনুষ্ঠানত ভাষণ দি ন্যায়াধীশগৰাকীয়ে কয় যে ৰায়দানৰ বাবে ন্যায়াধীশসকলৰ ওপৰত ব্যক্তিগত আক্ৰমণে ভয়াৱহ পৰিণতিৰ ইংগিত দিয়ে। য’ত সামাজিক মাধ্যমে কি চিন্তা কৰিছে সেই বিষয়ে আইনে নাভাবে, তাত বিচাৰকসকলে চিন্তা কৰিব লাগিব। যিটো আইনৰ শাসনৰ বিপৰীত।
ন্যায়াধীশৰ ৰায়ৰ গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে ব্যক্তিগত পছন্দৰ ওপৰত আলোচনাৰ স্থানলৈ পৰিণত হৈছে ছ’চিয়েল আৰু ডিজিটেল মিডিয়া। আইনৰ শাসন বজাই ৰাখিবলৈ সমগ্ৰ দেশতে ডিজিটেল আৰু ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন বুলিও তেওঁ কয়।