ASSAM TIMES POST
চণ্ডীগড়ঃ ভাৰতীয় জনতা পাৰ্টিৰ নেতা মনোহৰ লাল খট্টৰে দেওবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। চণ্ডীগড়স্থিত ৰাজভৱনত অনুষ্ঠিত একেটা অনুষ্ঠানতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে জেজেপিৰ মুৰব্বী দুষ্যন্ত চৌতালাই। এই শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ কাৰ্যকৰী সভাপতি জেপি নাড্ডা প্ৰমুখ্যে দুয়োটা দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। উল্লেখযোগ্য যে শনিবাৰে হাৰিয়ানাৰ ৰাজ্যপাল সত্যেদেউ নাৰায়ণ আৰ্যই বিজেপিক ৰাজ্যখনৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মূলতঃ বিজেপিয়ে জেজেপিৰ সৈতে লগলাগি চৰকাৰ গঠনৰ দৃঢ়তা প্ৰকাশ কৰাতে ৰাজ্যপালগৰাকী আগবাঢ়িছিল। এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০১৪ চনৰ ২৬ অক্টোবৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ শপতগ্ৰহণ কৰিছিল খট্টৰে।












