আমোদজনক হৈ উঠিছে মহাৰাষ্ট্রৰ ৰাজনৈতিক নাটক। বৃহস্পতিবাৰে পুৱা ১১ বজাত বহিব মহাৰাষ্ট্র বিধানসভাৰ বিশেষ অধিবেশন। ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিয়ে বিধানসভাৰ সচিব ৰাজেন্দ্র ভগৱতক পত্ৰ লিখি অধিবেশন আহ্বান জনাবলৈ কৈছে।
পুৱা ১১ বজাত আহ্বান জনোৱা হৈছে বিশেষ অধিবেশন। তাত আস্থা ভোটত আস্থা অর্জন কৰিব লাগিব উদ্ধৱ থাকৰেয়ে। মঙ্গলবাৰে নিশা ৰাজভৱনলৈ গৈ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিক সাক্ষাৎ কৰি বিজেপি নেতা দেবেন্দ্র ফড়নবিশে আস্থা ভোটৰ আবেদন জনায়।
ইয়াৰ পিছতে বিধানসভাৰ সচিবলৈ পত্ৰ দিয়ে ৰাজ্যপালে। উল্লেখ্য, একনাথ শিন্ডেসহ বিদ্রোহী শিৱসেনা বিধায়কসকল এতিয়াও গুৱাহাটীতে আছে। বৃহস্পতিবাৰে বিদ্রোহী বিধায়কসকল আস্থা ভোটত উপস্থিত থাকিব বুলি জনা গৈছে। ইফালে বিদ্রোহী শিৱসেনা বিধায়কসকল বুধবাৰে পুৱাতে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়।
তাতেই শিন্ডেয়ে সাংবাদিকক জনায়, বৃহস্পতিবাৰেই তেওঁলোক মুম্বাইলৈ যাব। আনহাতে, আস্থা ভোটৰ পোনপটীয়া সম্প্রচাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে। সমগ্র প্রক্রিয়াটো কেমেৰাত ৰেকৰ্ড কৰা হ’ব। আনহাতে, শিন্ডেয়ে এতিয়াও দাবী কৰি আছে যে তেওঁৰ লগত ৫০ জন বিদ্রোহী বিধায়ক আছে। তাৰে ভিতৰত ৪০ জনেই শিৱসেনা বিধায়ক।
২৮৭ আসনৰ মহাৰাষ্ট্র বিধানসভাত মেজিক নম্বৰ ১৪৪। মহা বিকাশ আগাড়ি অর্থাৎ শিৱসেনা–এনচিপি–কংগ্রেছৰ যৌথ চৰকাৰৰ হাতত আছে ১৫২ বিধায়ক। কিন্তু তাৰে মাজত বিদ্রোহ কৰি আছে শিন্ডেৰ দাবী অনুযায়ী প্রায় ৫০ জনে। এতিয়া বৃহস্পতিবাৰে নিৰ্ধাৰণ হ’ব মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ ভাগ্য।