
একনাথ শিণ্ডেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ এখন পত্ৰ লিখি বিদ্ৰোহী বিধায়কৰ পৰিয়ালৰ সদস্যক নিৰাপত্তা প্ৰদান কৰিবলৈ অনুৰোধ জনায়। তেওঁ পত্ৰখনৰ জৰিয়তে অভিযোগ কৰি কয় যে, “মহাৰাষ্ট্ৰ চৰকাৰে আমাৰ শিবিৰত থকা ৩৬ জন বিধায়কৰ পৰিয়ালৰ সদস্যৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে কু-অভিপ্ৰায়ৰ বাবে।”
মহাৰাষ্ট্ৰ এৰি চুৰাটৰ ৰিজৰ্টলৈ যোৱাৰ পিছত উদ্ধৱ থাকৰেৰ প্ৰতি আনুগত্যশীল শিৱসেনাসকলে বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে সন্মুখ সমৰত নামিছিল।
বিগত দুদিন ধৰি বিদ্ৰোহী নেতা একনাথ শিণ্ডেৰ প্ৰতি আনুগত্যশীল কেইবাজনো বিধায়কৰ ঘৰৰ সন্মুখত প্ৰতিবাদৰ সৃষ্টি হৈছে। উল্লেখ্য যে, শনিবাৰে পুনেতো বিদ্ৰোহী বিধায়ক তানাজী সাৱন্তৰ কাৰ্যালয়তো আক্ৰমণ সংঘটিত হয়।
এনে অৱস্থাত শিন্দেয়ে তেওঁৰ শিবিৰৰ নিৰাপত্তাৰ বিষয়টোক ৰাজনৈতিক অপপ্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে বুলি ধাৰণা কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে নিশা গুৱাহাটীৰ এখন হোটেলত থকা শিন্দে শিবিৰৰ কেইবাজনো বিধায়কে মহাৰাষ্ট্ৰলৈ উভতি গ’লে আক্ৰমণ হ’ব পাৰে বুলি অভিযোগ উত্থাপন কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে, শিন্দেয়ে তেওঁৰ চিঠিৰ প্ৰতিলিপি মহাৰাষ্ট্ৰ আৰক্ষীৰ ডিজিলৈ প্ৰেৰণ কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ আৰু আৰক্ষী বিভাগ ‘মহাবিকাশ আঘৰী’ মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ এনচিপিৰ হাতত। এনে অৱস্থাত এই প্ৰশ্ন উত্থাপন হৈছে যে নিৰাপত্তা বিষয়ত গৃহমন্ত্ৰী দিলীপ বালসে পাটিলক কিয় এৰাই চলিছিল ?













