কেৰালাৰ ৱেনাড়ত কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ কার্যালয়ত চিপিএমৰ ছাত্র সংগঠনৰ আক্ৰমণ আৰু লণ্ডভণ্ড কৰাৰ অভিযোগক কেন্দ্র কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মুখ্যমন্ত্রী বিজয়ন আৰু চিপিএম নেতৃত্বই অৱশ্যে উক্ত ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ কথা কৈছে।
ৱেনাড়ে বনাঞ্চলক কেন্দ্ৰ কৰি ‘বাফাৰ জোন’ সৃষ্টিত স্থানীয় সাংসদ ৰাহুল গান্ধীয়ে সক্রিয়তা নেদেখুওৱাৰ অভিযোগত জিলা সদৰ কালপেট্টাত সাংসদজনৰ কার্যালয়ৰ সন্মুখত শুক্রবাৰে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল এছএফআইয়ে। সমদল কৰি গৈ বিক্ষোভকাৰীসকলে ৰাহুলৰ কার্যালয়ত সোমাই লণ্ডভণ্ড কৰা বুলি অভিযোগ কংগ্রেছ কর্মীসকলৰ।
বহু আচবাব পত্ৰৰ লগতে ফটো আদিৰো অনিষ্ট সাধন কৰা হয়। ইফালে আক্ৰমণৰ ঘটনাৰ ভিডিও ফুটেজ দি চিপিএম চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে প্রদেশ কংগ্রেছ সভাপতি কে সুধাকৰণ, বিৰোধী দলনেতা ভি ডি সতীশন, কংগ্রেছ সাংসদ শশী থাৰুৰ।