
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি মূর্দাবাদ, বিধায়ক কিনা-বেচা বন্ধ কৰক, হোটেল ৰাজনীতি বন্ধ কৰক শ্লোগানত উত্তাল গুৱাহাটী ৰেডিছন ব্লু হোটেল (Radisson Blu Hotel, Guwahati)ৰ সন্মুখ। মহাৰাষ্ট্ৰৰ প্ৰায় অৰ্ধ-শতাধিক বিধায়ক হোটেলত আৱদ্ধ কৰি ৰখাৰ বিৰোধীতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ (Congress’s protest)। সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা সজাতি দলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।
ইফালে, কংগ্ৰেছৰ প্ৰতিবাদক বাধা দিবলৈ পূৰ্বৰে পৰাৰ সষ্টম হৈ আছিল আৰক্ষীৰ। প্ৰতিবাদীক চোচৰাই টানি- আজুৰি আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে যোৱা বুধবাৰৰ পৰা মহাৰাষ্ট্ৰৰ বহুসংখ্যক বিসম্বাদী বিধায়ক আৱদ্ধ হৈ আছে হোটেলখনত।














