ASSAM TIMES POST
ডিফুঃ কাজিৰ ৰংহাঙপী মেম’ৰিয়েল টেলেণ্ট হাউণ্টৰ উদ্যোগত ডিফু অৰবেৰ’টাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ফেশ্বনশ্ব’ৰ প্ৰাৰম্ভিক অডিশ্বনটিৰ বাবে স্থান পৰিৱৰ্তন কৰা হৈছে ৷
আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত এক সংবাদমেলযোগে এই কথা সদৰি কৰে কাজিৰ ৰংহাঙপী মেম’ৰিয়েল টেলেণ্ট হাউণ্টৰ সভাপতি গৌতম তেৰাঙে ৷ গৌতম তেৰাঙে সংবাদ মেলক সম্বোধন কৰি কয় যে, অহা ২৬ অক্টোবৰত পূৰ্বৰ স্থানৰ পৰিৱৰ্তে অডিশ্বনটিৰ প্ৰাৰম্ভিক স্থান ডিফু ধৰমনালা পথৰ কপিলী ফেমিলী ৰেষ্টুৰেণ্টত অনুষ্ঠিত হ’ব বুলি জনায় ৷
লগতে ফেশ্বন শ্ব’ অডিশ্বনটিৰ গ্ৰাণ্ড ফাইনেল ডিফু মাটিপুং স্থিত অৰবেৰেটাম আৰু ক্ৰাফট চেণ্টাৰতে অনুষ্ঠিত হব বুলি কয় ৷ ইয়াৰোপৰি গ্ৰাণ্ড ফাইনেলত শ্বিলঙৰ তুৰা জিলাৰ মিছ মাৰ্চীক মুখ্য বিচাৰক হিচাপে আমন্ত্ৰণ কৰা হৈছে বুলি জনায় ৷
উল্লেখযোগ্য যে, মিছ মাৰ্চী মিছ গ্লেমাৰ ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত মিছ ৰেইনব’ নেশ্বনৰ খিতাপ বিজয়ী৷ আনহাতে গ্ৰাণ্ড ফাইনেলৰ দিনৰ অৰবেটাম আৰু ক্ৰাফট চেণ্টাৰ গাৰ্ডেন লগতে অডিছন দৰ্শনৰ বাবে দৰ্শনাৰ্থী সকলে ১০০ টকা মাছুল বহন কৰিব লাগিব বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিছে ৷