বৰ্তমানেও অসমৰ লগতে চুবুৰীয়া মেঘালয়ত অব্যাহত আছে প্ৰবল বৃষ্টিপাত। বিগত দিন ধৰি হোৱা বৰষুণৰ ফলত আজি পুনৰ ভূমিস্খলন হৈ গাৰোপাহাৰৰ বাঘমাৰাত ৩ গৰাকী লোকৰ মৃত্য হয়।
এই ঘটনা বাঘমাৰাৰ আৱৰ্ত ভৱনৰ কাষত সংঘটিত হয়। পাহাৰৰ মাটি খহি হোৱা এই ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোক তিনিগৰাকীৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে।