গুৱাহাটীৰ নৱগ্রহৰ পাহাৰ গোলোক ঘামপথ ভয়ংকৰ ভূমিস্খলন।মানবেন্দ্ৰ মহন্ত ঘৰৰ সমীপত ধাৰাসাৰ বৰষুণৰ ফলত এই ভূমিস্খলনৰ ঘটনা।
আজি পুৱা ভাগত সংঘটিত হৈছে হয় ভূমিস্খলন।বর্তমান বিপদ সংকুলভাৱে ওলমি ৰৈছে মানবেন্দ্ৰ মহন্ত ঘৰ।যিকোনো সময়তে খহিব পাৰে ঘৰটো।প্ৰশাসনক পুৱা ভাগতে খবৰ দিয়া হৈছে যদিও বাতৰি লিখা পৰলৈকে কোনো উপস্থিত হোৱা নাই।উল্লেখ্য নৱগ্রহ মন্দিৰৰ পৰা নাতি দূৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন।
তাপৰ্যপূৰ্ণ কথা যে ভূমিস্খলন সংঘটিত হোৱাৰ স্থানত আছে বহুকেইটা ঘৰ।ইতিমধ্যে পথছোৱাৰে যাতায়ত বন্ধ হৈ পৰিছে।