গুৱাহাটীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। নিশা মহানগৰীৰ মূষলধাৰ বৰষুণৰ ফলত বৰাগাঁৱৰ নিজৰাপাৰত চাৰিজন ভাড়াতীয়াৰ শোকাৱহ মৃত্যু। নিশা শুই থকাৰ সময়তে পাহাৰৰ মাটি খহি পৰে।
ভূমিস্খলনৰ পিছতে এচডিআৰএফ, আৰক্ষী প্ৰশাসনে উদ্ধাৰ অভিযান চলাই মাটিৰ তলৰ পৰা চাৰিওগৰাকী লোকক উদ্ধাৰ কৰে। নয়ন ৰাজবংশী নামে ব্যক্তিগৰাকীৰ ঘৰত ভাড়াতীয় হিচাবে থকা মনোৱাৰ হুচেইন, মতিউৰ হক, আমৰুল হক আৰু হাচানুৰ আলীৰ মৃত্যু হয়। পেচাত মিস্ত্ৰী আছিল তেওঁলোক।