![]()
নেচনেল হেৰাল্ড গোচৰত অৱশেষত ইডি কাৰ্যালয়ত উপস্থিত হ’ল প্রাক্তন কংগ্রেছ সভাপতি ৰাহুল গান্ধী। ৰাহুলক আগুৰি থাকে কেইবা শ কংগ্রেছ কর্মীয়ে। কংগ্রেছ কৰ্মীৰ সমদলৰ সৈতে নিজে খোজকাঢ়ি গৈ তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হয় ‘ৰাগা’।
কংগ্রেছ সাংসদজনৰ ই ডি কাৰ্যালয়ত উপস্থিতিক কেন্দ্ৰ কৰি সপ্তাহটোৰ আৰম্ভণিতেই উত্তাল হৈ পৰে ৰাজধানী। পুৱাৰে পৰা দিল্লীত সৃষ্টি হয় নাটকীয় পৰিস্থিতিৰ। কংগ্রেছ কর্মীসকলে শ্লোগানেৰে মুখৰিত কৰে ৰাজপথ। সংবাদ সংস্থা এএনআই জনোৱা মতে, কেইবাজনো কংগ্রেছ কর্মীক দলৰ সদৰ কাৰ্যালয়ৰ সন্মুখত আটক কৰা হয়।
সোমবাৰে পুৱাৰে পৰা দিল্লীৰ ৰাজপথত নামি ৰাহুল গান্ধীৰ সমর্থনত শ্লোগান দিবলৈ আৰম্ভ কৰে কংগ্রেছ কর্মীসকলে। কংগ্রেছৰ সদৰ কাৰ্যালয়ৰ সন্মুখত বিপুল পৰিমাণে আৰক্ষী মোতায়েন কৰা হৈছে। ৰাহুলৰ ইডি-উপস্থিতিৰ প্রতিবাদত দিল্লীত একাধিক বিক্ষোভ কর্মসূচী গ্ৰহণ কৰিছে কংগ্রেছে।










