ধর্মগুৰু সন্দৰ্ভত বিতর্কিত মন্তব্যৰ প্রতিবাদত ধ্বংসলীলা চলোৱাসকলক বাছি বাছি বুলডজাৰেৰে ঘৰ ভাঙি দিলে যোগী চৰকাৰৰ আৰক্ষীয়ে। শনিবাৰৰ পিছত দেওবাৰেও প্রয়াগৰাজ এই ভঙা কাৰ্য অব্যাহত। মূল অভিযুক্তৰ ঘৰ ভঙাৰ পূৰ্বে আৰক্ষীৰ দাবী, তাত ‘বেআইনী অস্ত্র’ মজুত আছিল।
প্রয়াগৰাজৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় কুমাৰে কয়, দেওবাৰে পুৱা মূল অভিযুক্ত জাভেদ মহম্মদৰ ঘৰত তালাচী চলোৱা হৈছিল। তাত এটি ১২ বোৰৰ পিস্তল, এটি ৩১৫ বোৰৰ পিস্তল আৰু কার্তুজ উদ্ধাৰ কৰা হৈছে। লগতে আদালত অৱমাননাকাৰী কিছু নথি পোৱা গৈছে।
তাৰ পিছতেই দুপৰীয়া ৱেলফেয়াৰ পার্টি অব ইণ্ডিয়াৰ নেতা জাভেদ মহম্মদৰ ঘৰ ভাঙি গুড়ি কৰি দিয়া হয়। ইয়াৰ কেইঘণ্টামান পূৰ্বে দুৱাৰত এখন জাননী লগাই দিয়া হয়। তাত লিখা আছিল, ‘বেআইনী নির্মাণ’।
বিজ্ঞপ্তিখনত লগতে ইয়াকো লিখা আছিল যে মে’ মাহত উক্ত ঘৰটো ভঙাৰ সন্দৰ্ভত এখন জাননী পঠোৱা হৈছিল। কিন্তু তেওঁ কোনো উত্তৰ নিদিয়ে। দেওবাৰে চুলতানপুৰতো একেদৰে দুই বিক্ষোভকাৰীৰ ঘৰ ভাঙি দিয়া হয়।
ইফালে প্রয়াগৰাজেৰ জিলা দণ্ডাধীশ সঞ্জয় খত্রিয়ে জনোৱা মতে, ‘নিয়মমাফিক’ জাভেদৰ ঘৰ ভঙা হৈছে। কিন্তু হাইকোর্টত এই কার্য বেআইনী বুলি দাবী কৰি এদল অধিবক্তাই আবেদন জনাইছে। তেওঁলোকে অভিযোগত ইয়াকো লিখিছে যে ঘৰটো আচলতে জাভেদৰ পত্নী আৰু মাতৃৰ নামত আছে। আনহাতে, পূৰ্বতে তেওঁলোকে ঘৰটো বেআইনী বুলি কোনো জাননী পোৱা নাই।