
গুৱাহাটী মহানগৰীত প্ৰশাসনৰ উচ্ছেদ।নিউ-গুৱাহাটী ৰে’লৱে কলনিত ৰে’ল বিভাগৰ উচ্ছেদ।দীৰ্ঘদিনে ৰেল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকা বিৰুদ্ধে এই অভিযান।উল্লেখ্য যে ৰে’লৱে মাটিত ঘৰ-ব্যৱসায় কৰি থকা লোকৰ বিৰুদ্ধে উচ্ছেদ।

পুৱাৰে পৰা ৰেল বিভাগে বুলডজাৰ, জে চি বি লৈ এফালৰ পৰা ভাঙি যায় ঘৰ সমূহ।ইফালে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱা অভিযোগ উচ্ছেদিত।তাপৰ্যপূৰ্ণ কথা যে প্ৰায় ২০/২৫ বছৰ ধৰি এই স্থানত ব্যৱসায় প্ৰতিষ্ঠান, ঘৰ বনাই বসবাস কৰি আছিল লোকসকলে।













