ASSAM TIMES POST
ডিফু,২২ অক্টোবৰ:- সূদূৰ কৰিমগঞ্জ জিলাত আজি প্ৰায় কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ সহ আটক হৈছে এক পুৰুষ সংগী সহ কাৰবি আংলং জিলাৰ এগৰাকী মহিলা ৷ কৰিমগঞ্জ জিলাৰ এক বিশেষ সুত্ৰ অনুসৰি জিলাখনৰ ভাঙ্গা বিঅ’পিৰ ১৩১ বিএন এছিস্টেণ্ট পৱন কুমাৰে গোপন সূত্ৰৰ পমখেদি মঙলবাৰে কৰিমগঞ্জৰ পৰা বদৰপুৰলৈ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত ৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীগৌৰী এলেকাৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে এজন পুৰুষৰ বিপৰীতে আনজনী মহিলা ৷ আটকাধীন দুজনৰ ক্ৰমে কাৰবি আংলং জিলাৰ খটখটী থানা এলেকাধীন বালিজানৰ নিতা ছেত্ৰী (৩৫)আনজন কৰিমগঞ্জ জিলাৰ বটৰশিৰ কামাল উদ্দিন চৌধুৰী (৪১)৷ দুয়োৰে পৰা উদ্ধাৰ কৰা হৈছে এএছ ১০ ডি ০৫৯৩ নম্বৰৰ এটি পালচাৰ মটৰ চাইকেল আৰু ১ কোটি টকীৰ ড্ৰাগছ ৷ ঘটনাৰ খবৰ লাভ কৰি বদৰপুৰ থানাৰ অ’চি ঘটনা স্থলীত উপস্থিত ধৃত দুয়োকে বদৰপুৰ থানালৈ আনি তীব্ৰজেৰা চলায় ৷ দুয়োকে বুধবাৰে কৰিমগঞ্জ আদালতত হাজিৰ কৰা হব বুলি জানিব পৰা গৈছে ৷ সুত্ৰটোৰ পৰা জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী সকলে এলেকাটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই যুৱ প্ৰজন্মক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি নিছে ৷ সেয়ে ড্ৰাগছ মাফিয়া সকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে ৷ উল্লেখ যোগ্যযে, কাৰবি আংলঙৰ খটখটী এলেকাৰ মহিলাগৰাকী কৰিমগঞ্জত বৃহত পৰিমানৰ ড্ৰাগছলৈ আটক হোৱা ঘটনাই কাৰবি আংলঙ জিলাতো যে ড্ৰাগছৰ অবাধ ক্ৰয়- বিক্ৰয় আৰু ব্যৱহাৰ হয় তাক নুই কৰিব নোৱাৰি ৷













