অতিমাৰিৰ কাৰণে দুবছৰৰো অধিক সময় বন্ধ হৈ থকাৰ পিছত পুনৰ আৰম্ভ হৈছে বাংলাদেশ আৰু ভাৰতৰ মাজত বাছসেৱা। শুক্রবাৰে পুৱা ৭ বজাৰ পৰা পুনৰায় বাছ চলাচল আৰম্ভ হয়। বাংলাদেশ পথ পৰিবহণ কর্প’ৰেচনৰ (বিআৰটিচি) অধ্যক্ষ তাজুল ইছলামে সংবাদ মাধ্যমক এই বিষয়ত বিশদভাৱে জনায়।
তেওঁ লগতে জনায়, ঢাকা-চিলেট-শ্বিলং-গুৱাহাটী-ঢাকা পথৰ বাহিৰে বাকী ৪টা পথত এই বাছ সেৱা পুনৰায় আৰম্ভ হৈছে৷ আজিৰ প্রথম বাছখনে মতিঝিলৰ পৰা যাত্ৰা আৰম্ভ কৰে।
উল্লেখ্য, ২০২০ চনৰ মার্চত বাংলাদেশত কৰোনাৰ সংক্রমণ আৰম্ভণিৰ পিছত বাছ আৰু ৰে’ল সেৱা স্থগিত কৰা হয়। বাছ সেৱা স্থগিত কৰাৰ পূৰ্বে ৫টা আন্তঃসীমান্ত পথত বাছ চলাচল কৰিছিল। সেইকেইটা হৈছে ঢাকা-কলকাতা-ঢাকা, ঢাকা-কলকাতা-ঢাকা, ঢাকা-চিলেট-শ্বিলং-গুৱাহাটী-ঢাকা, আগৰতলা-ঢাকা-কলকাতা-আগৰতলা আৰু ঢাকা-খুলনা-কলকাতা-ঢাকা।