ASSAM TIMES POST
ডিফুঃ ডিমা হাছাও জিলাৰ লাংটিং অঞ্চলৰ গেৰেচ’ ৰেলপথৰ ওপৰেদি এটি ৰেলৱে অভাৰব্ৰীজ নিৰ্মানৰ প্ৰস্তাব আগবঢ়াই তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ই ৷ প্ৰাপ্ত খবৰ অনুসৰি সাংসদ হৰেণছিং বে’ই সোমবাৰে লামডিঙৰ পৰা চেইনজ নম্বৰ( ৩০/২০০) দুৰত্বৰ ডিমা হাছাও জিলাৰ লালটিং অঞ্চলৰ গোৰেচ’ ৰেলপথ পৰিদৰ্শন কৰি এনে প্ৰস্তাব গ্ৰহণ কৰে ৷
উল্লেখ্য যে, উক্ত উন্মুক্ত ৰে’ল পথেদি গেৰেছ’ ১,২,৩,৪ আৰু ৫ৰ লগতে ফালাইফাদি, গ্ৰেয়ং আৰু গাদাইন গ্ৰেয়ংৰ ৰাইজ নিতৌ অহা যোৱা কৰে৷ উক্ত অ’ভাৰ ব্ৰীজ নিৰ্মাণ ইপাৰ-সিপাৰ গাঁৱৰ জনসাধাৰণে এনএইছ ৫৪ আৰু এনএইছ ৪৪ ৰ সৈতে সংযুক্ত হ’ব পাৰিব৷
এলেকাটোৰ জনসাধাৰণে নিজৰ দৈনিক চলাচলৰ বাবে অধিক আঁচনি পাব লাগে বুলি সাংসদ হৰেণছিং বে’ই মন্তব্য কৰে৷ সাংসদ হৰেণছিং বে’ৰ লগতে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোছা লগতে ইএম আৰু এমঅচি সকলে অংশ গ্ৰহণ কৰে৷












